বজালী ভাগ: বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ ৰূপালী জয়ন্তীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
বজালীৰ ক্ৰীড়া ক্ষেত্ৰৰ এটি অগ্ৰণী অনুষ্ঠান বজালী জিলা মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ ৰূপালী জয়ন্তী উৎসৱৰ ৰবিবাৰে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাত মুকলি অধিৱেশন আৰু খেল প্ৰতিযোগিতাৰ প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ বজালী জিলা মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ ৰূপালী জয়ন্তী উৎসৱৰ মুকলি অধিৱেশন আৰু খেল প্ৰতিযোগিতাৰ প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে ।