দেৰগাঁও: অৱশেষত বনবিভাগে ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হ'ল দেৰগাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰা ঘৰচীয়া হাতীটোক
অৱশেষত বনবিভাগে বৃহস্পতিবাৰে পুৱা ৯ বজাত ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হ'ল দেৰগাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰা ঘৰচীয়া হাতীটোক। বুধবাৰে বিয়লি ভাগত ৰামপ্ৰসাদ নামৰ এই ঘৰচীয়া হাতীটোৱে গচকি নিহত কৰিছিল গৰাকী কেশৱ বৰাক আৰু আহত কৰিছিল আন দুজনক। ইয়াৰ পিছতেই হাতীটোৱে নিশা দেৰগাঁৱৰ বিভিন্ন স্থানত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। আজি দেৰগাঁওস্থিত একাদশ অসম আৰক্ষী বাহিনীৰ চৌহদৰ ভিতৰত বিচৰণ কৰি থকা অৱস্থাত বন বিভাগৰ এটা দলে ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হয় হাতীটো।