সৃজনগ্ৰাম: সাংবাদিক বিক্ৰম ৰঞ্জন ৰয়ক বীৰ লাচিত সেনাৰ মৃত্যুৰ ভাবুকি, অভয়াপুৰীত CM-লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে জিলা সাংবাদিক সন্থাই
সাংবাদিক বিক্ৰমৰঞ্জন ৰয়ক দেওবাৰে বীৰ লাচিত সেনা নামৰ সংগঠনৰ কৰ্মী বুলি পৰিচয় দি একাংশ উদণ্ড যুৱকে ঘৰৰ পদুলিমুখত অশ্ৰাব্য গালি-গালাজ কৰি হত্যাৰ ভাবুকি দিয়া কাৰ্যক সদৌ অসম সাংবাদিক সন্থাৰ বঙাইগাঁও জিলা সমিতিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷ সোমবাৰে উক্ত কাৰ্যত জড়িত যুৱকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবীত অভয়াপুৰীস্থিত সমজিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ সমজিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে বঙাইগাঁও জিলা সাংবাদিক সন্থাই ।