বিশ্বনাথ: চেৰেলীয়া বঙালী গাৱত পুৱাই বন্যহস্তীৰ তাণ্ডৱ, আছু বিশ্বাসৰ বাসগৃহ ভাঙি তহিলং,বন বিভাগৰ পৰিদৰ্শন
বিহালীত চেৰেলীয়া বঙালী গাৱত পুৱা আছু বিশ্বাস নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি ক্ষতিগ্ৰস্থ কৰাৰ উপৰিও চাহ বাগানত প্ৰবেশ কৰি বাগিছাৰো যথেষ্ট ক্ষতিসাধন কৰে। উল্লেখ্য যে এই হাতীটিৱে বিগত পষেক যোৰা গ্ৰাম্যাঞ্চলত প্ৰবেশ কৰি ৰাইজক হাৰাশাস্তি কৰি আহিছে। ৰাইজে হাতীটো বনাঞ্চললৈ খেদি পঠাবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ক্ষতি সাধন কৰা ব্যক্তি ৰ ঘৰত ক্ষতি হোৱাৰ বুজ লয়।