খুমটাই: লেটেকুজান চাহ বাগিছাত মহাপ্ৰভু জগন্নাথ সামূহিক ভৱনৰ শুভ উদ্বোধন বিধায়ক মৃণাল শইকীয়াৰ
লেটেকুজান চাহ বাগিছাত শুক্ৰবাৰে সন্ধ্যা প্ৰায় ৭ মান বজাত মহাপ্ৰভু জগন্নাথ সামূহিক ভৱনৰ শুভ উদ্বোধন বিধায়ক মৃণাল শইকীয়াৰ। উক্ত কাৰ্যৰ শুভ উদ্বোধনৰ পিছতেই মৰঙী মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ সৈতে বিভিন্ন সাংগঠনিক দিশৰ সম্পৰ্কত আলোচনাত মিলিত হয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। ইফালে উক্ত সভাতে আগন্তুক প্ৰধানমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ সম্পৰ্কতো আলোচনা কৰা হয়।