বিশ্বনাথ: চাৰিআলিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল আছুৰ
বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ শ্বহীদ ভৱনৰ পৰা ক্লক টাৱাৰ লৈকে সদৌ অসম ছাত্র সন্থাৰ আহ্বানত সদৌ বিশ্বনাথ জিলা ছাত্র সন্থাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মম শিখা সমদল কৰে। এই কাৰ্যসূচীৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ, পানী নসৰকা তদন্ত কৰক, দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰক, অৰ্থনৈতিক অপৰাধৰ তদন্ত কৰক, দোষীক শাস্তি দিয়ক দাবী কৰে।