গোলাঘাট: ৭ দিন অতিক্ৰম কৰাৰ পাছতো নগাই তৈল খেজুৰ পুলি উঠাই নিনিয়াৰ বিৰুদ্ধে উত্তপ্ত ভেলৌগুৰি চিডফাৰ্মত, চিআৰপিএফ বাহিনী মোতায়েন
৭ দিন অতিক্ৰম কৰাৰ পাছতো নগাই তৈল খেজুৰ পুলি উঠাই নিনিয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিনৰ প্ৰায় ২ বজাৰ পৰা পুনৰ উত্তপ্ত হৈ পৰিছে মেৰাপানীৰ ভেলৌগুৰিস্থিত চিড ফাৰ্ম। নগাই অসমৰ ভূমিত ৰোপন কৰিবলৈ অনা তৈল খেজুৰ পুলি উঠাই নিবলৈ দাবী জনাই শ শ কৃষক ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। যিকোনো মূল্যৰ বিনিময়ত নগাক অসমৰ ভূমিত ৰোপন কৰিব নিদিয়ে তৈল খেজুৰ পুলি, ঘটনাস্থলীত অতি উত্তপ্ত হৈ পৰাত মোতায়ন কৰা হৈছে CRPF বাহিনীৰ লগতে অসম আৰক্ষীৰ বৃহৎ দল।