নাজিৰা: নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন পুৱাৰে পৰা অনুষ্ঠিত
নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছে।শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ বাবে ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন পুৱাৰে পৰা আৰম্ভ হৈছে।তিনিটা বিভাগৰ বাবে ৭ গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দীতা আগবঢ়াইছে।বাকী কেইটা বিভাগ বিনা প্ৰতিদ্বন্দীতাৰে বিজয়ী হৈছে।