গুৱাহাটী: গধূলীবজাৰত বিহুনৃত্য কৰ্মশালাৰ লগতে বিহু ঢোল বাদন প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি, উপস্থিত মোহময়ী অভিনেত্রী গায়ত্ৰী মহন্ত
গুৱাহাটীৰ গধূলীবজাৰ ৰাজহুৱা সভাঘৰত বিহুনৃত্য কৰ্মশালাৰ লগতে বিহু ঢোল বাদন প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি। ৪ এপ্রিলৰ পৰা অনুষ্ঠিত হৈছিল এই কৰ্মশালাখনি। প্ৰসন্ন লাল বৰুৱা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মশালাখনিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে মোহময়ী অভিনেত্রী গায়ত্ৰী মহন্ত। লগতে উত্তম ডেকা, ৰাজু বৰুৱা, গীতিকা বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰে। ইফালে শতাধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে।