চতিয়াত গৰু চোৰৰ উপদ্ৰৱৰ বিৰুদ্ধে চতিয়াৰ গাঁৱে গাঁৱে আৰক্ষীক অভিযান
চতিয়াত গৰু চোৰৰ উপদ্ৰৱ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকষ্মিক বিয়োগত সমগ্ৰ ৰাজ্যৰ প্ৰতি গৰাকী লোক শোকত ম্ৰিয়মাণ ,এই মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাত ব্যস্ত থকা সময়তে চুৰে কমাৰগুৰি আৰু পাঠেকগুৰি গাৱঁৰ মানুহৰ ঘৰত গৃহস্থ নোহোৱাৰ সুযোগ লৈ গোহালী উদং কৰি গৰু চোৰ কৰি উধাও হয় ৷তিনি ঘৰৰ লোকৰ ঘৰৰ পৰা গোহালী উদং কৰি ৫/৬ টাকৈ গৰু লৈ উধাও হয়৷ এই সন্দৰ্ভত চতিয়া আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷