তেজপুৰ: পতিয়াপুখুৰী গাঁৱত গৰু চোৰৰ সন্দেহত বাহন সহিতে এগৰাকী যুৱকক আটক ঠেলামৰা আৰক্ষীৰ
শনিবাৰে পুৱতি নিশা অনুমানিক ৪ বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত পতিয়াপুখুৰী গাঁৱত গৰু চোৰৰ সন্দেহত বাহন সহিতে এগৰাকী যুৱকক আটক কৰে ঠেলামৰা আৰক্ষীয়ে ৷ উল্লেখ্য যে চাৰিচকীয়া বাহনৰ জৰিয়তে গৰু চোৰ কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগত স্থানীয় ৰাইজৰ সহযোগত পতিয়াপুখুৰী গাঁৱৰ পৰা যুৱকজনক আটক কৰে ঠেলামৰা আৰক্ষীয়ে ৷ ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীগন্ত শইকীয়াৰ তত্পৰতাত এছ আই প্ৰিয়ব্ৰত শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে যুৱকজনক আটক কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷