বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমুহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। সেই অনুসৰি বিজেপি দলে মুদৈবড়ী পৰিষদীয় সমষ্টিত আধিপত্য বৰ্তাই ৰাখিবৰ বাবে অনুষ্ঠিত কৰিছে বিভিন্ন সভা সমিতি। সেইদৰে সমষ্টিৰ চান্দোৱালপাৰাত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুছ কাৱাজ। উক্ত ৰাজহুৱা সভাত বিধায়ক গৰাকীৰ সতে ইএম দিগন্ত বৰুৱা, মণ্ডল সভাপতি নৱৰাজ বৰুৱা প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।