সোণাৰি: সোণাৰিৰ ৰতনপুৰত গছৰ পৰা পৰি গোপাল মুণ্ডা নামৰ এজন যুৱকৰ মৃত্যু ঘটে
সোণাৰিৰ ৰতনপুৰত গছৰ পৰা পৰি এজন যুৱকৰ মৃত্যু।চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰত গোপাল মুণ্ডা নামৰ যুৱক জনে বাৰীত গছ কাটি থাকোতে গছৰ পৰা পিছলি পৰি গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। আহত যুৱক জনক ততালিকে চৰাইদেউ জিলা চিকিৎসালয় লৈ অনা হয় যদিও লোকজনৰ স্বাস্থ্য অবনতি হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিয়ো ডিব্ৰুগড় অসম মেডিকেল কলেজ চিকিৎসালয়ত লোক জনৰ মৃত্যু হয়।