তেজপুৰ: শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাৰ এৰাসুঁতি জংঘল বস্তিত সদৌ অসম গণ্ডয়ানা যুৱ পৰিষদৰ সংবাদমেল
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাৰ এৰাসুঁতি জংঘল বস্তিত অনুষ্ঠিত হোৱা সদৌ অসম গণ্ডয়ানা যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ লগতে মুঠ ৫ টা সংগঠনৰ কাৰ্যনিৰ্বাহক সভা সফল সামৰণি পৰিল ৷ উক্ত কাৰ্যনিৰ্বাহক সভাত সংগঠন কেইটায় কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ কাৰ্যনিৰ্বাহক সভাৰ সামৰণিৰ অন্তত সোমবাৰে বিয়লি ৪ বজাত সংগঠন সমূহৰ নেতৃত্বই এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰিলে ৷