জনজাতীয় গৌৰৱ দিৱস, ২০২৫ উপলক্ষে দেওবাৰে শদিয়াৰ আম্বিকাপুৰত অনুষ্ঠিত এক ঐতিহাসিক অনুষ্ঠানত তিনিচুকীয়া জিলাৰ তিনিখন বনগাঁও ক্ৰমে আম্বিকাপুৰ সোণোৱাল গাঁও, আম্বিকাপুৰ বড়ো গাঁও আৰু কপৌপথাৰ সোণালী গাওঁৰ মুঠ ২৩৭টা পৰিয়ালক প্ৰথমবাৰৰ বাবে বন অধিকাৰ প্ৰদান কৰা হয়। ইয়াৰ ফলত তিনিচুকীয়া জিলাৰ বন বাসীসকলৰ ন্যায্য অধিকাৰ স্থাপন কৰাৰ পথে এক নতুন অধ্যায় আৰম্ভ কৰে।