ধেমাজি: ভোটগ্ৰহণ চলি থকাৰ সময়তে ধেমাজি আই টি আই ভোটকেন্দ্ৰত ভোটাৰ তালিকাত নাম থকা ব্যক্তিৰ নামত ভোট দিলে অন্য ব্যক্তিয়ে
ধেমাজি বিধানসভা সমষ্টিৰ ১৮০নং ধেমাজি আই টি আই ভোটকেন্দ্ৰত ভোটাৰ তালিকাত নাম থকা ব্যক্তিৰ নামত ভোট দিলে অন্য ব্যক্তিয়ে। প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা ধেমাজি পদ্ম কোঁৱৰে ১৮০নং ধেমাজি আই টি আই ভোটকেন্দ্ৰত ভোট দিবলৈ গৈ ঘুৰি আহিল নিৰাশ মনে। ভোটাৰ তালিকা থকা ক্ৰমিক নং ১৪ত পদ্ম কোঁৱৰৰ নামত কোনো অজ্ঞাত ব্যক্তিয়ে সাব্যস্ত কৰিলে ভোট। কেন্দ্ৰটোত থকা পুলিং আৰু প্ৰিজাইডিং বিষয়াই ভোটাৰ কাৰ্ড পৰীক্ষা নকৰাকৈ ভোট প্ৰদান কৰিবলৈ দিয়াত এনে ভুল হৈছে বুলি দাবী কৰিছে সচেতন লোকে।