বিশ্বনাথ: চাৰিআলি বিদ্যুৎ উপ সংমণ্ডলৰ প্রাঙ্গনত শ্রীশ্রী বিশ্বকর্মা পূজা উদযাপন, চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন
বিগত বর্ষসমূহৰ দৰে এই বৰ্ষতো চাৰিআলি বিদ্যুৎ উপ সংমণ্ডল প্রাঙ্গনত সমূহ বিষয়া-কর্মচাৰী একত্ৰিত হৈ শ্রীশ্রী বিশ্বকৰ্মাৰ উলহ-মালহৰে উদযাপন কৰে। এই পবিত্ৰ দিনটোত পুৱা শ্রীশ্রী বিশ্বকর্মা দেৱতাৰ প্ৰতিমা স্থাপন কৰি মাংগলিক ৰূপত পুজা অৰ্চনা, মঙ্গল আৰতি কৰি ভগৱানৰ শ্ৰীচৰণত পুষ্পাঞ্জলি অর্পণ কতে ভক্ত সকলে। আজিৰ দিনটোৰ লগত সংগতি ৰাখি বিদ্যুৎ উপ সংমণ্ডল প্রাঙ্গনত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। যত বিশ্বনাথৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ডেৰ শতাধিক কণ কণ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে।