বাক্সা জিলাৰ জালাহস্থিত বি বি কিষাণ মহাবিদ্যালয়ত আজি এদিনীয়াকৈ প্ৰথম সদৌ বাক্সা জিলা "আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ" প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। বাক্সা জিলা আৰ্ম ৰেছলিং এছোচিয়েছনৰ উদ্যোগত আৰু জালাহ স্পষ্টচ্ এছোচিয়েছনৰ সহযোগত অনুষ্ঠিত এই "আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপ" প্ৰতিযোগিতাত বিভিন্ন শাখাত মুঠ ১৩ গৰাকী খেলুৱৈক ৰাজ্যিক পৰ্য্যায়ত খেলিবলৈ নিৰ্বাচিত কৰা হয়। আজিৰ এই কাৰ্যসূচীত বিধায়ক ফণীধৰ তালুকদাৰ উপস্থিত থাকে ।