বৰক্ষেত্ৰী: মুকালমুৱাত মুকলি হ'ব জুবিন গাৰ্গ ফুটবল একাডেমী সংবাদমেলযোগে সদৰী প্ৰাক্তন বিধায়ক,মাছাৰ সভাপতি নাৰায়ণ ডেকাৰ
মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা চমুকৈ মাছাৰ দ্বাৰা পৰিচালিত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ স্বীকৃতিপ্ৰাপ্ত চক্ৰধৰ ডেকা সোঁৱৰণি প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অহা ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৷সংবাদমেলত নাৰায়ণ ডেকাই জুবিন গাৰ্গৰ স্মৃতি বিজড়িত কৰাৰ লক্ষ্যৰে মুকালমুৱাত জুবিন গাৰ্গ ফুটবল একাডেমী মুকলি কৰাৰ কথাও জানিবলৈ দিয়ে ৷