তেজপুৰ: শোণিতপুৰ জিলাৰ ২ নং বৰপুখুৰী গাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত
শোণিতপুৰ জিলাৰ অন্তৰ্গত ২ নং বৰপুখুৰী গাঁৱত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ সাংগঠনিক সভাত সোমবাৰে বিয়লি অনুমানিক ৩ বাজি ৪৫ মিনিটত সামৰণি পৰে ৷ উক্ত বিশেষ সাংগঠনিক সভাত ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু উপস্থিত থাকে ৷ আজিৰ উক্ত সাংগঠনিক সভাত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সহ - প্ৰভাৰী জোনজ্যোতি কাশ্যপ আৰু দলীয় সতীৰ্থ সকল উপস্থিত থাকে৷ সভাত সংগঠনৰ বিভিন্ন দিশত গঠনমূলক আলোচনা কৰা হয় ৷