কোকৰাঝাৰ ভাগ: গোসাইগাওঁ হাট ৰেল ষ্টেচনত তিনিখনকৈ নতুন ৰেলৰ সুবিধা আৰাম্ভ, ৰেল চালকক উষ্ম আদৰণী ৰাইজৰ
দীৰ্ঘদিন আন্দোলনৰ পিছত গোসাইগাওঁ হাট ৰেল ষ্টেচনত তিনিখনকৈ নতুন ৰেলৰ সুবিধা পালে গোসাইগাওঁ বাসী ৰাইজ। বুধবাৰে দিনৰ ১১ বজাত প্ৰথম দিনা দিল্লী আনন্দবিহাৰ নৰ্ট ইষ্ট এক্সপ্ৰেছ ৰেল খন গোসাইগাওঁত ৰখোৱাৰ বাবে গোসাইগাওঁ বাসী ৰাইজৰ লগতে বিজেপি কোকৰাঝাৰ জিলাৰ প্ৰতিনিধি দলে ৰেলৰ চালক দুগৰাকী গামোচা আৰু ফুলেৰে শুভেচ্ছা জনায়।লগতে বন্দে ভাৰত আৰু কামৰূপ এক্সপ্ৰেছ আজিৰে পৰা গোসাইগাওঁত ৰখিব।মুখ্যমন্ত্ৰী ধন্যবাদ জনায় কোকৰাঝাৰ জিলা বিজেপি ৰ লগতে গোসাইগাওঁ বাসী ৰাইজ।