ছয়গাঁও: ছয়গাঁও আৰক্ষীয়ে আটক কৰিছে এটা গভাইদ চোৰ
বালাগাঁৱৰ ভৱদেৱ গোস্বামীৰ ঘৰত যোৱা ১৯ অক্টোবৰত সংঘটিত হৈছিল চুৰিকাণ্ডটো । চোৰে নিশা লুটি নিছিল সোণৰ নেকলেচ -১ ডাল, আঙুঠি-৭ টকা, খাৰু-৮ পাত, চেইন -১ ডাল, প্ৰণালী বাকচৰ ধন ১০ হাজাৰ সহ বহু সামগ্ৰী । ঘটনা সংক্ৰান্তত ছয়গাঁও থানাত এজাহাৰ দাখিল কৰাৰ পিছত ছয়গাঁও থানাৰ আৰক্ষীয়ে অনুসন্ধান চলাই মিৰ্জাৰ পৰা আটক কৰে চুৰি কাণ্ডৰ লগত জৰিত মূল অভিযুক্ত ফইজুল হকক । ইয়াৰ পূৰ্বে ছয়গাঁও আৰক্ষীয়ে আটক কৰিছিল আফটাৰ হুছেইনক।