ঘগ্ৰাপাৰ ভাগ: আজিৰে পৰা ৫ দিনীয়াকৈ
ঘগ্ৰাপাৰৰ নিমুৱা বুঢ়াগোহাঁই থানত ৪৫ সংখ্যক শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজা আৰম্ভণি
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নিমুৱা বুঢ়াগোহাঁই থানত ৪৫ সংখ্যক শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাখনি আজিৰে পৰা ৩১ অক্টোবৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইতিমধ্যেই আৰম্ভণি হৈছে।কাৰ্যসূচী অনুসৰি আজি পুৱা ষষ্ঠী পূজাৰ দিনাখন মন্দিৰৰ দেউৰী গোবিন্দ ডেকাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে নিমুৱা বুঢ়াগোহাঁই থানাৰ ধৰ্মধ্বজা উত্তোলন কৰে পূজা আৰু থান পৰিচালনা সমিতিৰ সভাপতি ভৱেন বড়োই।