সোণাৰি: বৰশীৰে মাছ ধৰিবলৈ গৈ চৰাইদেউ সাপেখাতীৰ গৰীয়াচিগাত এজন কিশোৰৰ পুখুৰীত পৰি কৰুণ মৃত্যু
চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত গৰীয়াচিগাত সংঘটিত হৈছে এক কৰুণ ঘটনা। সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত গৰীয়াচিগাত এজন কিশোৰৰ পুখুৰীত পৰি কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাপেখাতী গৰীয়াচিগাৰ নিবাসী শোকলাল মুডীৰ পুত্ৰ শ্যাম মুডীৰ পুখুৰীৰ পানীত পৰি মৃত্যু। ঘটনা অনুসৰি শ্যাম মুডী নামৰ কিশোৰ জনে ঘৰৰ কাষতে থকা এটা পুখুৰীত বৰশী বাবলৈ গৈছিল। বৰশী বাই থাকোঁতে হঠাতে পুখুৰীৰ পানীত পৰি কিশোৰ জনৰ সলিল সমাধি ঘটে। পৰিয়ালৰ লোকে কিশোৰ জন কিছু অসুস্