বোকাখাত: অৱশেষত উদ্ধাৰ হল বোকাখাতত উদ্ধাৰ হোৱা ৬০ লাখ টকাৰ উৎস, বেংকৰ পৰা টকাখিনি উঠাই অনাৰ কথা স্বীকাৰ চাৰি যুৱকৰ
অৱশেষত উদ্ধাৰ হল বোকাখাতত উদ্ধাৰ হোৱা ৬০ লাখ টকাৰ উৎস। সোমবাৰে বিয়লি প্ৰায় ৪ বজাত বেংকৰ পৰা টকাখিনি উঠাই অনাৰ কথা স্বীকাৰ চাৰি যুৱকৰ। বোকাখাতত থানাৰ সন্মুখত পুৱতি নিশা উদ্ধাৰ হৈছিল এখন বাহনৰ পৰা ৬০ লাখ টকা৷ বাহনখনত তেজপুৰৰ কুলদীপ বেঙানী, মফিজুল কৰিম, আবেদ আলি আৰু মফিদুল হক৷ যুৱক কেইজনে ব্যৱসায়ত খতাবৰ বাবে তেজপুৰৰ উজ্জীৱন স্মল ফাইনেঞ্চ লিমিটেড বেংকৰ পৰা টকাখিনি উঠাই আনিছিল বুলি স্বীকাৰ কৰিছে৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে মুকলিকৈ কোনো কথা জানিবলৈ দিয়া নাই।