গোঁসাইগাঁও ভাগ: পৰ্বতঝোৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত নিৰ্বাচনী বিষয়কলৈ গুৰুত্বপূৰ্ণ মন্তব্য
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা ত মঙলবাৰে দিনৰ ২ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত অহা ৩০ বা ৩১ আগষ্টত বিজেপিৰ প্ৰাৰ্থী তালিকাক ঘোষনা কৰা হব বুলি প্ৰকাশ কৰে। লগতে তেখেতে কয় যে জুলাইৰ পৰা বিজেপি দলে আজিলৈকে বিটিআৰ ত প্ৰায় ৩৫ খন জনসভা সম্বোধন কৰিলো। আমাৰ কাৰ্যকৰ্তাসকলৰ লগতো কথা পাতিলো। এইয়া BTR নিৰ্বাচনত বিজেপিৰ ফলাফল ভাল হ’ব বুলি আশা কৰিছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীই।