বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ, বাগৰিত কাজিৰঙাৰ বন্যপ্ৰাণী বিনিময়ৰ আগ্ৰহ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ। বাগৰিত দেওবাৰে দিনৰ প্ৰায় ১১ বজাত সাংবাদিকৰ আগত কাজিৰঙাৰ বন্যপ্ৰাণী বিনিময়ৰ আগ্ৰহ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কাজিৰঙাৰ বাগৰি বনাঞ্চল পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে। উদ্যানৰ সামগ্ৰিক ব্যৱস্থাত সন্তোষ প্ৰকাশ কৰি কয় যে, কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশলৈ বন্যপ্ৰাণী বিনিময় কৰিবলৈ আগ্ৰহ। এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰে আলোচনা কৰিব বুলিও কয় যাদৱে।