ঢেকিয়াজুলি ভাগ: অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোন সিংহলৰ তত্বাৱধানত ঢেকীয়াজুলি উন্নযন খণ্ডৰ কাৰ্যালয়ৰ সভাগৃহত ব্লক ভিজিলেঞ্চৰ বিশেষ সভা
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোন সিংহলৰ তত্বাৱধানত সোমবাৰে দিনৰ ২ বাজাত ঢেকীয়াজুলি উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাগৃহত ব্লক ভিজিলেঞ্চৰ এখন বিশেষ সভ অনুষ্ঠিত হয় ৷ ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি হেমন্ত ডেকাই সভাপতিত্ব কৰা উক্ত সভাত গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাসৰ লগতে গাওঁ পঞ্চায়তৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে ৷ আজিৰ সভাত ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল ৷