গোলাঘাট: গোলাঘাটত অসম সাহিত্য সভাৰ বিশেষ সভা, উপস্থিত কেন্দ্ৰীয় সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী
গোলাঘাটত মঙ্গলবাৰে বিয়লি প্ৰায় ৬ মান বজাত অসম সাহিত্য সভাৰ উদ্যোগত পশ্চিম গোলাঘাট শাখা সমিতিৰ সহযোগত এখনি বিশেষ সভা অনুষ্ঠিত হৈ যায়। সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী। গোলাঘাট জিলা সাহিত্য সভাৰ সভানেত্ৰী বন্তি বৰাই আঁত ধৰা সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা কেন্দ্ৰীয় সভাপতি ড০ গোস্বামীয়ে সভাৰ কাৰ্য ব্যবস্থা সন্দৰ্ভত বিশেষ ভাৱে আলোচনা কৰাৰ লগতে সভাৰ আভ্যন্তৰীণ দিশৰ সম্পৰ্কত আলোচনা কৰে।