গুৱাহাটী: আদাবাৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ নামৰ ল'জত STFৰ অভিযান, ১৭পেকেট নিষিদ্ধ ড্ৰাগছসহ ডিমাপুৰৰ চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
গুৱাহাটীৰ আদাবাৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ নামৰ ল'জত STFএ চলাই অভিযান। অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। ল'জৰ ১০২ কোঠাৰ পৰা গ্ৰেপ্তাৰ হয় ডিমাপুৰৰ ৪টাকৈ ড্ৰাগছ সৰবৰাহকাৰী। STFএ জব্দ কৰিছে ১৭টাকৈ বাকচত নিষিদ্ধ ড্ৰাগছ। সম্প্ৰতি ঘটনা সন্দৰ্ভত STFএ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ইফালে তদন্তৰ খাতিৰত STFএ প্ৰকাশ কৰা নাই গ্ৰেপ্তাৰ হোৱা চাৰি সৰবৰাহকাৰীৰ নাম।