বিশ্বনাথ: বিহালীত লোক প্ৰিয় উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন সাংসদ ৰঞ্জিত দত্তৰ
বিহালী শিক্ষা খণ্ডৰ অধীনৰ লোকপ্ৰিয় উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ আজি শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই আধাৰ শিলা স্থাপন কৰে । সমগ্ৰ শিক্ষা অভিযানৰ অধীনৰ নিৰ্মাণ কৰিবলৈ লোৱা এই অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মানৰ আধাৰ শিলা অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰমেন হাজৰিকা, পৰিচালনা সমিতিৰ সদস্য সদস্যা, অৱসৰ প্ৰাপ্ত শিক্ষক লোহিত দত্ত, সমাজ কৰ্মী নগেন শৰ্মা, বিভাগীয় অভিযন্তা সহ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী উপস্থিতিত এই আধাৰশিলা স্থাপন কৰা হয়।