সোণাৰি: চফ্ৰাই বৰপথাৰ গাওঁৰ ২২ বছৰীয়া যুৱক নিৰুদ্দেশ, বিদ্যালয়লৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ পৰে যুৱক জন
চৰাইদেউ জিলাৰ সোণাৰিত পুনৰ নিৰুদ্দেশ আন এজন যুৱক। নিৰুদ্দিষ্ট যুৱক জনৰ নাম পৰেশ চাংমাই। সোণাৰিৰ চফ্ৰাই বৰপথাৰ গাওঁৰ ২২ বছৰীয়া যুৱক জন যোৱা ছয়দিন ধৰি নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়ালটো । যোৱা ১১ ছেপ্টেম্বৰৰ পুৱা ৮ বজাত শিক্ষানুষ্ঠানলৈ যোৱাৰ পাছৰেপৰা সন্ধান নাই যুৱক জনৰ। আনহাতে ঘৰৰপৰা ওলাই যাওঁতে লগত নিয়া মোবাইল ফোনটোও বন্ধ থকাত চিন্তিত পৰিয়ালৰ লোক।কোনো লোকে ছাত্ৰজনৰ সম্ভেদ পালে 7086197182, 8638015735 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে।