সৰুপথাৰ: নগাই অসমৰ ভূমিত ৯৩ টাকৈ বাসগৃহত অগ্নিসংযোগ কৰাকলৈ জালান বস্তিত সোচ্ছাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বিধায়কক সমালোচনা
নগাই অসমৰ ভূমিত ৯৩ টাকৈ বাসগৃহত অগ্নিসংযোগ কৰাকলৈ শুক্ৰবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত উৰিয়ামঘাটৰ জালান বস্তিত সোচ্ছাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। স্থানীয় বিধায়ক বিশ্বজিত ফুকনক সমালোচনা। সীমান্তবাসীয়ে জীৱন আৰু সম্পত্তিৰ অনিশ্চিয়তাত ভোগা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহব বুলি কয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গোলাঘাট জিলা সভাপতি আকাশ দাৱে। এই ঘটনাৰ বাবে অসম পুলিচ আৰু চিআৰপিএফক তীব্ৰ সমালোচনা কৰে দাৱে।