ডিফু: ফুলনিত ফুলনি টেম্পু চালক সন্থাৰ উদ্যোগত বিশ্ব খনিকৰ "শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা" উদযাপন
আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। উদ্যোগ, কল কাৰখানা, কাৰিকৰী নিৰ্মাতা ও ব্যাৱসায়িক প্ৰতিষ্ঠানত এই পূজা অনুষ্ঠিত কৰা হৈছে। সমান্তৰাল ভাৱে কাৰ্বি আংলং জিলাৰ ফুলনি বজাৰৰ মাজমজিয়াত বুধবাৰে পুৱা ১০ বজাৰ পৰা ফুলনি টেম্পু চালক সন্থাৰ উদ্যোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। সম্পুৰ্ণ কাৰ্বি পৰম্পৰাগত ভাবে উক্ত পূজা ভাগি উদযাপন কৰা হয়।