গুৱাহাটী: ধুমুহাৰ ফলত গুৱাহাটীৰ গড়ভঙাত ভয়ংকৰ ঘটনা, গছ উভালি পৰাত ভাঙিল বহু বাহন-আৱদ্ধ বহু লোক
ৰাজ্যত সন্ধিয়াৰ পৰা হৈ থকা ধুমুহা, শিলাবৃষ্টিৰ ফলত বিভিন্ন ঠাইত সংঘটিত হৈছে অঘটন। গুৱাহাটীৰ গড়ভঙাত উভালি পৰিল প্ৰকাণ্ড গছ। গছ পৰি ক্ষতিগ্রস্ত হ'ল কেইবাখনো বাহন।লগতে কেইবাজনো লোক আহত হোৱাৰ উপৰিও পথ বন্ধ হৈ পৰে। যাৰ বাবে নিশা বহু সময়লৈ শ শ লোক আৱদ্ধ হৈ পৰে। পৰৱৰ্তী পৰ্যায়ত বন বিভাগৰ লোক উপস্থিত হৈ গছ সমূহ কাটি পথ মুকলি কৰে। ইফালে সংবাদ মাধ্যমৰ আগত আৱদ্ধ হৈ পৰা লোকসকলে প্ৰকাশ কৰে ভয়ংকৰ পৰিস্থিতিৰ কথা।