গৰৈমাৰী: কামৰূপৰ গৰৈমাৰীত আৰক্ষীৰ জালত দুই গাড়ী চোৰচোৰ বিচাৰি অভিযান গৰৈমাৰী আৰক্ষীৰ ,অভিযানত গ্ৰেপ্তাৰ হৈছে দুজনকৈ কুখ্যাত
গৰৈমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাৰ নেতৃত্বত চলোৱা অভিযানত চুৰি হোৱা এখন গ্লেমাৰ বাইকসহ দুটাকৈ চোৰ গ্ৰেপ্তাৰ হৈছে। ধৃত চোৰ দুটা বকোৰ মৰাকলহীৰ ৰকিবুল ইছলাম আৰু আনজন লিয়াকত আলী বুলি চিনাক্ত কৰা হৈছে।কুখ্যাত চোৰ লিয়াকত আলীৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বৰমাৰা গাঁৱৰ । জানিবপৰা মতে, বিগত ২৮ ছেপ্তেম্বৰত বৰভিঠা গাঁৱৰ কাবেল আলী নামৰ যুৱক এজনে গুমী নগৰবেৰা ই এণ্ড ডি মথাউৰীত নিজৰ বাইকখন থৈ মথাউৰীৰ একোৱাৰত থকা বিল পহৰা দি আছিল।