ধেমাজি: চিচিবৰগাঁৱত বীৰাংগনা সতী সাধনী দিৱস উদযাপন; বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত
চিচিবৰগাঁও সাধনী ভৱনত জোনাই জিলা চুতীয়া জাতি সন্মিলনী সৌজন্যত চিচিবৰগাঁও আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ উদ্যোগত ৫০০ তম বীৰাংগনা সতী সাধনী দিৱস উদযাপন কৰা হয়। আজিৰ বীৰাংগনা সতী সাধনী দিৱসত চিচিবৰগাঁৱত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়। আজি সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক দল সমূহে অংশগ্ৰহণ কৰে। ইফালে সতী সাধনী দিৱসৰ মুকলি সভাৰ মঞ্চ উদ্বোধন কৰে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দ্বিপেন শইকীয়াই।