বিশ্বনাথ: জিলা বিজেপি কাৰ্যালয়ত বিশেষ সাংগঠনিক সভা সম্পন্ন, অসম প্ৰদেশৰ ৰাজ্যিক প্ৰভাৰী আৰু বিধায়কৰ অংশগ্ৰহণ
ভাৰতীয় জনতা পাৰ্টি, বিশ্বনাথ জিলাৰ মুখ্য কাৰ্যালয়ত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী আৰু বিজেপিৰ ৰাজ্যিক সম্পাদক লক্ষ্মীনাথ তাছাৰ উপস্থিতিত বিশ্বনাথ সমষ্টি ভিত্তিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টি, বিশ্বনাথ জিলাৰ সভাপতি অসীম কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা প্রভাৰী ঋতু বৰণ শৰ্মা, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজ্যিক, জিলা , আদিৰ কৰ্মকৰ্তা অংশগ্ৰহণ কৰে।