ৰঙিয়া ভাগ: ৰঙিয়াত ভয়ৰা বৰশিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাক লৈ ৰঙিয়াৰ শিক্ষা বিভাগত লিখিত অভিযোগ
ৰঙিয়াৰ ভয়ৰা গাঁৱৰ ১৬ নং ভয়ৰা বৰশিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগেন দাসে ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ কৰাক লৈ সোমবাৰে ৰঙিয়াৰ শিক্ষা বিভাগত লিখিত অভিযোগ দাখিল। কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈ চিকিৎসাধীন হয়। অভিভাৱক আৰু ৰাইজৰ প্ৰতিবাদৰ পিছত যোগেন দাসে সংবাদ মাধ্যমৰ জৰিয়তে ক্ষমা বিচাৰে। পৰিস্থিতি শান্ত হোৱাৰ পিছত প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক পুনৰ ধমকি দিয়ে।