গুৱাহাটী: জালুকবাৰীৰ ইলেকট্রনিক সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ লুটপাট, কেইবা লাখ টকাৰ সা-সামগ্ৰী লুটিলে চোৰে
শুকুবাৰে গুৱাহাটীৰ জালুকবাৰীত চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ইলেকট্রনিক সামগ্ৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলাই লুটপাট। চোৰে ছাটাৰ ভাঙি প্ৰৱেশ কৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনত। চোৰে লুটিলে প্ৰতিষ্ঠানখনত মজুত থকা কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী। সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে সংঘটিত এই চুৰিকাণ্ডই উদঙাইছে আৰক্ষীৰ নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ।