বিশ্বনাথ: মুছাফিৰ-খানাত শ শ মুছলমান লোজৰ মহান শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনাৰে দোৱা প্ৰাৰ্থনা
শুকুৰবাৰৰ জুম্মা নামজ আদায় কৰিয়ে শ শ মুছলমান লোকে মহান শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰ শান্তি কামনা কৰি অনুষ্ঠিত কৰিলে দোৱা প্ৰাৰ্থনা।বিশ্বনাথ চাৰিআলি মুছলিম সমাজে জুম্মা মছজিদৰ সমিপৰ মুছাফিৰ খানাত অনুষ্ঠিত কৰা এই দোৱা প্ৰাৰ্থণা সভাত বিশ্বনাথৰ বৃহত্তৰ মুছলিম সমাজৰ সমূহ বিষয়ববীয়াৰ লগতে বহু লোকে অংশ গ্ৰহন কৰি মহানশিল্পী জুবিন গাৰ্গৰ বাবে আল্লাৰ ওচৰত দোৱা খোজাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।