গুৱাহাটী: মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বান, মহানগৰীৰ সাতগাঁও, শিলপুখুৰীৰ নৱগ্ৰহ পথত কৃত্ৰিম বান, তীব্ৰ যান-জঁটৰ সৃষ্টি
মঙলবাৰে অহা মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীত কৃত্ৰিম বান। মহানগৰীৰ সাতগাঁৱত কৃত্ৰিম বানৰ তাণ্ডৱ। কৃত্ৰিম বানৰ বাবে জীয়াতু ভূগিবলগা হৈছে মহানগৰবাসীয়ে। ধাৰাসাৰ বৰষুণত কৃত্ৰিম বানৰ কবলত মহানগৰীৰ শিলপুখুৰীৰ নৱগ্ৰহ পথ। তীব্ৰ যান-জঁটৰ সৃষ্টি।