গুৱাহাটী: মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা, বন্ধুৰ ধন আত্মসাৎ কৰাৰ চেষ্টা কৰি গ্ৰেপ্তাৰ এজন যুৱক
গুৱাহাটীৰ মালিগাঁৱত ধন চুৰি হোৱাৰ ভুৱা অভিযোগ দিবলৈ আহি গ্ৰেপ্তাৰ অভিযোগকাৰী। আশ্ৰাফুল হক নামৰ যুৱক এজনে আলিমুদ্দিন নামৰ লোকৰ পৰা আনিছিল ৭লাখ টকা। টকাখিনি লৈ কামাখ্যা জংচনত আহিছিল আশ্ৰাফুল। টকাখিনি চুৰি হোৱা বুলি আশ্ৰাফুলে RPFৰ ওচৰত দাখিল কৰে এজাহাৰ। পিছত কামাখ্যা ৰে'ল আৰক্ষীয়ে তদন্ত কৰি আটক কৰে খোদ এজাহাৰকাৰী আশ্ৰাফুলক। ৰে'ল বিভাগৰ কৰ্মচাৰী আশ্ৰাফুলে চুৰি কৰাৰ পৰিকল্পনা কৰিছিল টকাখিনি। ইফালে আলিমুদ্দিনকো আটক কৰিছে ৰে'ল আৰক্ষীয়ে। টকাখিনিৰ নথি নাই দুয়োৰে হাতত।