সোণাৰি: মথুৰাপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ঠিকাদাৰ ৰূপী ৱাৰ্ড মেম্বাৰে ধনৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ
সোণাৰিৰ মথুৰাপুৰ চাহ বাগিচাত দৰিদ্ৰ শ্ৰমিকৰ নামত আৱন্টন প্ৰধান মন্ত্ৰী আবাস যোজনা গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰ ৰূপী ৱাৰ্ড মেম্বাৰ ধন অনিয়ম কৰাৰ ঘটনা বৃস্পতিবাৰে ১১বজাত হিতাধিকাৰীয়ে পাব্লিক এপৰ জৰিয়তে জনাইছে।উল্লেখ্য যে চুকাফা গাওঁ পঞ্চায়তৰ অন্তৰ্গত মথুৰাপুৰ চাহ বাগিছাৰ ৩ নং ৱাৰ্ডৰ এগৰাকী দৰিদ্ৰ চাহ শ্ৰমিক মহিলাৰ নামত অহা এটা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত সংঘটিত কৰিছে ব্যাপক অনিয়ম ।ঘৰটো সম্পূৰ্ণ নোহোৱাকৈ তিনিটা কিস্তি ধন মকলাই নিয়ে ঠিকাদাৰে।