তেজপুৰ: CAA বাতিল কৰাৰ দাবীত কলাকুছি চেণ্টাৰত দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ kmss ৰ
CAA বাতিল কৰাৰ দাবীত দেওবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটত কলাকুছি চেণ্টাৰত দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিয়ে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ বৰুৱাৰ নেতৃত্বত সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বাঁহবেৰা আঞ্চলিক সমিতিৰ সহযোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷