বৰক্ষেত্ৰী: মুকালমুৱাত আজিৰ পৰা আৰম্ভ হৈছে ফুটবল মহাৰণ, উপস্থিত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী
মুকালমুৱাত আজিৰ পৰা আৰম্ভ হয় ফুটবল মহাৰণ।মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত "সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন"ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ১৩ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন আজিৰ পৰা আৰম্ভ হয়।মুকালমুৱাৰ দেশভক্ত ময়দানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে।লগত উপস্থিত থাকে প্ৰাক্তন বিধায়ক নাৰায়ন ডেকা।