ডিফু: পুৰণা লাহৰিজানৰ ৬ মাইলত নিচাযুক্ত টেবলেট আৰু কেপচুল সহ দুই সৰবৰাহকাৰী আটক আৰক্ষীৰ
মঙলবাৰে পুৱা ৮ বজাত ডিলাই আৰক্ষীৰ সুত্ৰে জানিব পৰা অনুসৰি সোমবাৰে নিশা প্ৰায় ১০ বজাত ডিলাই থানা এলেকাৰ ৬ মাইলত আৰক্ষীৰ তালাচীত বুজন পৰিমানৰ নিচাযুক্ত টেবলেট আৰু কেপচুল সহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ NL07C B0690 পঞ্জীয়ন নম্বৰৰ বাহন এখনত তালাচী চলাই বাহন খনৰ পাছফালৰ আসনৰ তলত কৌশলগত ভাবে লুকুৱাই অনা ৪৯ টা ট্ৰামাডল টেবলেট আৰু ৮২ টা ছেমপ্লেক্স প্লাছ টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷