ঢেকিয়াজুলি ভাগ: পিৰাকটা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত আদি কৰ্মযোগী অভিযান কেন্দ্ৰৰ শুভ উদ্বোধন কৰে সহকাৰী আয়ুক্তই
বুধবাৰে দিনৰ অনুমানিক ১১ বাজি ৩০ মিনিটত পিৰাকটা গাওঁ পঞ্চায়তত আদি কৰ্মযোগী অভিযান কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় ৷ আদি কৰ্মযোগী অভিযান কেন্দ্ৰৰ আজি শুভ উদ্বোধন কৰে সহকাৰী আয়ুক্ত ইৰিছ আহমেদে ৷ আজিৰ উক্ত উদ্বোধনী অনুষ্ঠানত পিৰাকটা গাওঁ পঞ্চায়তৰ সভাপতি স্বপন হাজাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে ৷ উল্লেখ্য যে জনজাতীয় লোকে বসবাস কৰা গাওঁ সমূহৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰিব আদি কৰ্মযোগী অভিযানৰ জৰিয়তে ৷ এই কথা সদৰি কৰিলে সহকাৰী আয়ুক্তই ৷