সোণাৰি: সাপেখাতীত ভয়াবহ পথ দুৰ্ঘটনা, পথ দুৰ্ঘটনাত দুজন লোক আহত, আহতক চিকিৎসালয়লৈ প্ৰেৰণ
চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সংযোগী পথত এক পথ দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাটোত এখন স্কুটি পথৰ দাঁতিত পৰি গুৰুত্বৰ ভাৱে আহত হয় দুজন যুৱক। ঘটনা স্থলীত সাপেখাতী আৰক্ষী এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইফালে দূৰ্ঘটনা স্থলীত থকা লোকে ততাতৈয়াকৈ ১০৮ সেৱাত বিষয়টো অৱগত কৰাই আঘাতপ্ৰাপ্তক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আঘাতপ্ৰাপ্ত যুৱক দুজন সোণাৰিৰ টিয়কঘাট অঞ্চলৰ হয় বুলি জানিব পৰা গৈছে