গোলাঘাট: NEEPCO-য়ে পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ ৫টা ৰাজহচক্ৰৰ ১১২খনকৈ গাঁও প্ৰভাৱিতঃ গোলাঘাট জিলা প্ৰশাসন
নাগালেণ্ডত অবিৰত বৰষুণৰ ফলত আৰু NEEPCO-ৰ দৈয়াং হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা পানী এৰি দিয়াৰ বাবে ধনশিৰি আৰু দৈয়াং নদীসহ ইয়াৰ উপনদীৰ জলস্তৰ বৃদ্ধি পাইছে। বুধবাৰে বিয়লি ৬ বজাত জাৰি কৰা গোলাঘাট জিলা প্ৰশাসনৰ তথ্য অনুসৰি ৫টা ৰাজহ চক্ৰৰ ১২২খন গাঁও প্ৰভাৱিত হৈছে। গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাত ৰাজহ চক্ৰত ধনশিৰি আৰু দৈয়াং নদীৰ বানে ২৪,৫৮৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে জিলা প্ৰশাসনে ৪২টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে।